গুৱাহাটী লোকসভা: বিজেপি-কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ মাজত নিৰপেক্ষ প্ৰাৰ্থীৰ গুৰুত্ব কিমান?

অংকৃতা গগৈ

‘ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে সততা আৰু ক্ষমতাৰ যোগেদি বিশেষকৈ মহিলা সকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্বাৱলম্বীতাৰ পথত আগুৱাই নিবলৈ চেষ্টা কৰিম৷’

গুৱাহাটী লোকসভা সমষ্টিত নিজকে এগৰাকী সমাজকৰ্মী হিচাপে পৰিচয় দিয়া ৰুবী নেওগে Newsdesk24 ক এনেদৰে কয়৷

মহিলা নিৰ্যাতন, নিবনুৱা সমস্যাকে ধৰি সমাজৰ সৰু ডাঙৰ সকলো দিশ পৰ্যবেক্ষণ কৰাই হ’ল ৰুবী নেওগৰ এই লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ মূল লক্ষ্য৷

অসমত ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ উল্লেখযোগ্য সমষ্টিটো হৈছে গুৱাহাটী সমষ্টি৷ সৰ্বমুঠ ১৭ জন প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গুৱাহাটী লোকসভা সমষ্টিত৷ উল্লেখ্য, এই সমষ্টিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ পাঁচ গৰাকীয়েই হ’ল মহিলা প্ৰাৰ্থী৷ তাৰ মাজত নেচনেল ৰিপ্লাবিকান কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰুবী নেওগে৷

জন্মসূত্ৰে তিনিচুকীয়া জিলাৰ নামৰূপৰ যদিও যোৱা ১৭ বছৰে গুৱাহাটী নিবাসী ৰুবী নেওগে সমষ্টিটোৰ উন্নতি বা ইয়াৰ সমস্যাৰাজি প্ৰত্যক্ষ কৰিয়েই এই সমষ্টিৰ পৰা নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি দাবী কৰে৷

পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত বহুতেই বিচাৰে যে ৰাজনৈতিক ক্ষেত্ৰখনত সমাজৰ বাবে লোৱা ভৱিষ্যতৰ সিদ্ধান্তসমূহত মহিলাৰ অংশগ্ৰহণ যাতে সুনিশ্চিত হয়৷ পুৰুষৰ সমানে যাতে মহিলাইও সমাজত আগুৱাই যাব পাৰে৷

কিন্তু নিৰপেক্ষভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকলে বৰ্তমান সময়ত বৃহৎ ৰাজনৈতিক দল যেনে বিজেপি, কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহৰ লগত কি দৰে ফেৰ মাৰিব সেয়া লক্ষণীয় হ’ব৷

আৰ্থিকভাৱে উন্নত নোহোৱা তথা য’ত এটা শাসকীয় দলে চৰকাৰ গঠন কৰি আছে তাত এনে ধৰণৰ নিৰপেক্ষ প্ৰাৰ্থী নিৰ্বাচনত বিশেষকৈ মহিলা প্ৰাৰ্থী হিচাপে জয়ী হোৱাৰ কিমান দূৰ আশা থাকে৷

২৬ বছৰীয়া কংকন লহকৰে বিচাৰে যে, বিভিন্ন ৰাজনৈতিক দলৰ মিথ্যাচাৰ তথা মিছা প্ৰতিশ্ৰুতিত অতিষ্ঠ হোৱাৰ সময়তে এজন নিৰপেক্ষ প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে৷ বহু ক্ষেত্ৰত তেওঁলোকৰ নীতি আৰু আদৰ্শই গুৰুত্ব লাভ কৰে যদিও শক্তিশালী দলসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ যোগ্যতা আৰু সমৰ্থন নাই৷

আন এজন ২৭ বছৰীয়া ভোটাৰ শৈল্যজিৎ বুঢ়াগোঁহাইয়ে কয় যে, গুৱাহাটী যিহেতু এখন ৰাজধানী চহৰ গতিকে এই সমষ্টিৰ আসনখনৰ গুৰুত্ব সকলো দিশৰ পৰাই আছে৷ যি কেইজন নিৰ্দলীয় প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে তাৰ ভিতৰত কেৱল উপমন্যু হাজৰিকাই হ’ল এজন যোগ্য ব্যক্তি৷ তেখেতে অসমৰ সমস্যা অনুধাৱন কৰাৰ লগতে ইয়াৰ আইনগত বিধি সম্পৰ্কেও জ্ঞাত৷ সেইকাৰণে তেঁও এই নিৰ্বাচনত যিবিলাক সমস্যা উত্থাপন কৰি আছে তাৰ নিশ্চয় গুৰুত্বতা আছে৷

কিন্তু অন্যান্য প্ৰাৰ্থীয়ে এই জলন্ত সমস্যাসমূহ নিৰ্বাচনী প্ৰচাৰত উত্থাপন কৰা বা কথা কোৱা প্ৰত্যক্ষ হোৱা নাই৷ নিৰপেক্ষ প্ৰাৰ্থী হিচাপে আমাক কেৱল উপযুক্ত প্ৰাৰ্থীৰহে প্ৰয়োজন যিয়ে অসমক বুজি পায়৷

এগৰাকী মহিলা প্ৰাৰ্থী হিচাপে নিজকে প্ৰতিনিধিত্ব কৰা ৰুবী নেওগে নিৰ্বাচনী প্ৰচাৰত মহিলাৰ ওপৰত চলি থকা শোষণ উৎপীড়নৰ বাবে মাত মাতি আহিব বুলি ভোটাৰক প্ৰতিশ্ৰুতি দিছে কিন্তু তেওঁৰ কাৰণে বিজেপিৰ কুইন ওজা আৰু কংগ্ৰেছৰ ববিতা শৰ্মাক প্ৰত্যাহ্বান জনোৱাটো যথেষ্ট কঠিন হ’ব৷

ৰুবী নেওগে নেচনেল ৰিপ্লাবিকান কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিব যদিও এই দলৰ নাম বহুজনৰ বাবে জ্ঞাত নহয়৷

সমষ্টিটোৰ ভোটাৰে এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিব বিচাৰে যিয়ে সাধাৰণ জনতাৰ হকে কাম কৰিব৷ এজন প্ৰাৰ্থী জয়ী হোৱাৰ পিছত ভোট বিচাৰিবলৈ যোৱাৰ দৰে তেওঁলোকৰ অভাৱ অভিযোগসমূহ শুনিবলৈ যোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই ক্ষেত্ৰত নেচনেল ৰিপ্লাবিকান কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰা ৰুবী নেওগে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰদান কৰে৷ এই ক্ষেত্ৰত ৰুবী নেওগে কয় যে, ‘এজন ভোটাৰে মোক তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ আশ্বাস মোৰ চকুত দেখিলৈ পাইছে আৰু সেইবাবেই ভোটাৰে মোক ভোট প্ৰদান কৰিব বুলি ভাবো৷’

কিন্তু ৰাজ্যৰ ১৪ টা সমষ্টিৰ গুৰুত্বপূৰ্ণ আৰু এক বৃহৎ সমষ্টি গুৱাহাটী সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক প্ৰত্যক্ষভাৱে ৰুবী নেওগে যোগাযোগ কৰিব পৰা নাই৷ তেখেতে কয় যে, ‘অতি দুৰ্বল আন্তঃগাঁথনী বাবে সকলো ভোটাৰক ব্যক্তিগতভাৱে লগ পোৱাটো সম্ভৱ নহয় যদিও মোৰ সততা আৰু আত্মবিশ্বাসে এই নিৰ্বাচনত আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি ভাবো৷’

বিজেপি সমৰ্থিত প্ৰাৰ্থী কুইন ওজা, কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী ববিতা শৰ্মাকে ধৰি জোনমণি দেৱী খাউণ্ড, উপমন্যু হাজৰিকাৰ লগতে মুঠ ১৭ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সকলো প্ৰাৰ্থীকে শক্তিশালী প্ৰাৰ্থী হিচাপে গণ্য কৰাৰ লগতে ৰুবী নেওগে সমাজৰ হকে কাম কৰিবলৈ ওলাই আহিছে বুলি জানিবলৈ দিয়ে৷

शेयर करें

LEAVE A REPLY

Please enter your comment!
Please enter your name here