এন আৰ চি: বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

প্ৰতীক হাজেলাৰ এন আৰ চি নীতিৰ বিৰুদ্ধে আজি দিছপুৰৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে৷
ৰেচন কাৰ্ড, ভোটাৰ আই ডি কে ধৰি পাঁচবিধ নথি নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহ’ব বুলি ঘোষণা কৰাৰ পাছতে হাজেলাৰ বিৰুদ্ধে তেওঁলোক সৰৱ হৈ পৰে৷

 ফেডাৰেচনৰ অভিযোগ মতে নাগৰিকত্ব প্ৰমাণৰ সুযোগ নিদিয়াকৈয়ে বহু দৰিদ্ৰ হিন্দু বাঙালীক শৰনাৰ্থী শিবিৰলৈ প্ৰেৰণ কৰা হৈছে৷ এইসকল লোক প্ৰকৃত ভাৰতীয় হোৱা সত্বেও কেৱল দৰিদ্ৰ হোৱাৰ বাবেই বেংক বা ডাকঘৰৰ একাউণ্ট আদিৰ যাৱতীয় নথি দাখিল কৰিব নোৱাৰাত এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হোৱা বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে৷

তেওঁলোকে কয় যে সত্তৰৰ দশকৰ আগতেই পূব পাকিস্তানৰ পৰা ভাৰতলৈ অহা বাঙালী হিন্দু লোকসকলৰ ৯০ শতাংশই যথেষ্ট দুখীয়া৷ এতিয়াও দুবেলা দুমুঠিৰ বাবে তেওঁলোকে দৈনিক সংগ্ৰাম কৰি আছে৷ তদুপৰি হাস্পতালৰ খৰচ বহন কৰিব নোৱাৰা বাবে ঘৰৰ চাৰিবেৰৰ ভিতৰতে তেওঁলোকৰ সন্তান জন্ম হয়৷ যাৰ বাবে এন আৰ চিত প্ৰয়োজন হোৱা বাৰ্থ চাৰ্টিফিকেট যোগান ধৰিবলৈয়ো


তেওঁলোক অপাৰগ৷ গতিকে পৰিস্থিতিৰ গুৰুত্ব বুজি এওঁলোকক শৰনাৰ্থী শিবিৰৰ পৰা ঘূৰাই আনিবলৈ দাবী জনাই দেশৰ মাননীয় ৰাষ্ট্ৰপতিক উদ্দেশ্যি এখন স্মাৰক দাখিল কৰে সংগঠনটোৱে৷
উল্লেখ্য যে এন আৰ চিৰ পৰা বাদ পৰা হিন্দু বাঙালীসকলক বৰ্তমান শৰনাৰ্থী শিবিৰত ৰাখি পৰৱৰ্তী সময়ত বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ এনে পৰিস্থিতিত ১৯৭১ চনৰ পাছত অসমলৈ অহা বহু হিন্দু বাঙালীৰ নাম এন আৰ চিৰ পৰা বাদ পৰাত সংশ্লিষ্ট  পক্ষ শংকিত হৈ পৰা দেখা গৈছে৷
शेयर करें
  • 35
    Shares

LEAVE A REPLY

Please enter your comment!
Please enter your name here