প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ দেহাৱসান

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দীৰ্ঘকালৰ সংগী কল্পনা লাজমীৰ আজি পুৱা ৪.৩০ বজাত দেহাৱসান ঘটে৷ মুম্বাইৰ কোকিলাবেন হাস্পতালত ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লাজমীয়ে।
দুয়োটা বৃক্ক বিকল হোৱাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি তেওঁ বৃক্কৰোগত আক্ৰান্ত হৈ আছিল। কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল কল্পনা লাজমীয়ে। একপল, লোহিত কিনাৰে, ৰুদালি, দৰমিয়া, দমন, কিউ আৰু ছিংগাৰী ছবিৰ পৰিচালক আছিল তেওঁ।
তেওঁৰ অধিকাংশ চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল ডঃ ভূপেন হাজৰিকাই। শেহতীয়াকৈ সুধাকণ্ঠৰ সৈতে সম্পৰ্কৰ ভিত্তিত লিখি উলিয়াইছিল ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’ শীৰ্ষক গ্ৰন্থখন। ভূপেন হাজৰিকাক শেষ বয়সলৈকে সংগ দিয়া সত্ত্বেও কোনোদিন পত্নীৰ মৰ্যাদা নোপোৱাৰ আক্ষেপ তেওঁৰ গ্ৰন্থত স্পষ্ট বিদ্যমান৷
ভূপেন হাজৰিকাৰ জন্মদিনত, যোৱা ৮ ছেপ্টেম্বৰত গ্ৰন্থখন উন্মোচিত হোৱাৰ পাছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। গ্ৰন্থখনে ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ বহুকেইটা নজনা দিশ উদঙাই দিছে, যাৰ বাবে বিগত কেইটামান দিনত লেখিকাক বহুতে সমালোচনাও কৰে৷
উল্লেখ্য, ছবিৰ  পৰিচালনা আৰু  প্ৰযোজনাৰ লগতে বহুকেইখন চলচ্চিত্ৰৰ চিত্ৰনাট্যও লিখিছিল লাজমীয়ে। তদুপৰি সুধাকণ্ঠক মুম্বাইত প্ৰতিষ্ঠা কৰাৰ আঁৰত নিজে থকা বুলি তেওঁ দাবী কৰিছিল৷
शेयर करें
  • 10
    Shares

LEAVE A REPLY

Please enter your comment!
Please enter your name here