অটো লৈ জীৱিকাৰ সন্ধানত সংগীতা

অটো নচলোৱা হ’লে নাখাই মৰিব লাগিলহেতেন৷ ল’ৰা-ছোৱালীকেইটাৰ মুখলৈ চাই এনেকৈ কষ্ট কৰি পৰিয়াল চলাইছো৷’  জীৱন সংগ্ৰামৰ কথা কৈ যাওঁতে আত্ম প্ৰত্যয়ৰ চিন স্পষ্টকৈ উজলিছিল সংগীতা চৰকাৰ বিশ্বাসৰ চকুত৷
৩৭ বছৰীয়া সংগীতাই বঙাইগাঁৱত ‘পিংক অটো’ চলায়৷ ‘পিংক অটো’ নামৰ সেৱাৰ জৰিয়তে পুৰুষ অধিকৃত বৃত্তি এটাত সোমাই উত্তৰ-পূবৰ প্ৰথম মহিলা অটোচালক হিচাপে স্বীকৃত হোৱা ১০ জনীয়া মহিলা গোটটোৰ মাজৰে তেৱোঁ এগৰাকী৷
সোঁতৰ বিপৰীতে গৈ অসমত নাৰী সবলীকৰণৰ বিষয়টোক চৰ্চালৈ অনা এই ‘পিংক অটো’ৰ চালককেইগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জনাৰ এক হেঁপাহ হৈছিল৷ জানিব বিচাৰিছিলো, এনে কি পৰিস্থিতি আছিল যাৰ বাবে এইধৰণৰ প্ৰত্যাহ্বানমূলক এটা বৃত্তিক তেওঁলোকে আঁকোৱালি ল’বলগীয়া হ’ল৷
যোগাযোগ কৰা হৈছিল সংগীতাৰ সৈতে৷ জীৱনৰ কঠোৰতাই স্বাৱলম্বী হ’বলৈ শিকোৱা এগৰাকী সাধাৰণ মহিলা তেওঁ৷ অথচ সংগীতাই আমাৰ আগত উদঙাই দিয়া তেওঁৰ জীৱনৰ প্ৰতিটো পৃষ্ঠাই প্ৰতিফলিত কৰিলে সমাজত মহিলাৰ স্থান সম্পৰ্কীয় কিছুমান নিৰ্মম বাস্তৱক৷
১৪ বছৰ বয়সতে বিয়াৰ বান্ধোনত সোমোৱা সংগীতা তিনিটি সন্তানৰ মাতৃ৷ সৰুতেই মাকক হেৰুওৱা ছোৱালীজনী পৰিয়ালৰ বাবে বোজাস্বৰূপ হৈ পৰিছিল৷ সেয়ে সংগীতাক বয়সত কেবা বছৰ ডাঙৰ এজন লোকলৈ বিয়া দি দেউতাকে দায়িত্ব সামৰিলে৷
ইফালে শৈশৱ আৰু কৈশোৰৰ আলি দোমোজাত থিয় হৈয়ে সংসাৰৰ গধুৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হৈছিল তাই৷ জীৱন যুঁজত নামিয়ে আন্ধাৰ দেখিছিল সেই সময়ৰ কণমানি সংগীতাই৷
পিতৃ-পৰিয়ালৰ আদৰৰ পৰা বঞ্চিত হৈ স্বামীৰ বুকুতে তেওঁ সুখৰ সন্ধান কৰিবলৈ ধৰিছিল৷ পিছে ভাগ্যত সেয়াও নিমিলিল৷ নিয়তিৰ লিখনত সংগীতাৰ বাবে সুখৰ অনুপাতে দুখৰ পৰিমান আছিল বেছি৷ কোমল বয়সীয়া কইনা হোৱা সত্ত্বেও স্বামীৰপৰা মৰমতো দূৰৰে কথা, সুখৰ ভাতমুঠিও পোৱা নাছিল তেওঁ৷
‘ অকথ্য গালি পাৰিছিল মোক স্বামীয়ে৷ মাৰ-পিটো বহুত কৰিছিল৷ গেলি-পচি  যোৱা, পুৰণা, গোন্ধ ওলোৱা ভাত খাবলৈ বাধ্য কৰিছিল আৰু মোৰ থালত যদি ভাল খাদ্য দেখে, তাৰ লগত মাটি-বালি আদি বেয়া বস্তু মিহলি কৰি মোক খাবলৈ দিছিল৷’– দুঃস্বপ্নৰ দৰে অতীতৰ কথাবোৰ মনত পেলাই  ভিতৰৰপৰা কঁপি উঠা সংগীতাই আমাক এনেদৰে কৈ যায়৷
‘এটা দুটাকৈ তিনিটা সন্তানৰ মাক হ’লো৷ ২ টা ল’ৰা আৰু এজনী ছোৱালী৷ কিন্তু প্ৰথম সন্তানটি জন্ম হোৱাৰ পাছতে আমাক ভাড়াঘৰৰ ভিতৰতে এৰি মোৰ স্বামীয়ে এদিন কাকো একো নোকোৱাকৈ ক’ৰবালৈ গুচি গ’ল৷ তেওঁ একেবাৰে কেতিয়াও ঘূৰি নাহিল,মাজে মাজেহে কেতিয়াবা আহিছিল৷’
উল্লেখ্য যে পৰিয়ালটোত সেই সময়ত উপাৰ্জনকাৰী বুলিবলৈ কেৱল সংগীতাৰ স্বামীহে আছিল৷ স্বামীয়ে এৰি যোৱাত এতিয়া পৰিয়ালক পোহ-পাল দিয়াৰ চিন্তাত আৰু দুৰূহ হৈ পৰিল তেওঁৰ জীৱন৷ ইতিমধ্যে আৰু দুটি সন্তানৰো মাক হৈছিল তেওঁ৷
সৰুতেই বিয়া হোৱাৰ বাবে পঢ়া-শুনা তেওঁৰ বেছিকৈ কৰা নহ’ল৷ কিন্তু তেওঁৰ সপোনবোৰ সৰু নাছিল৷ জীৱনৰ আটাইতকৈ জটিল মূহুৰ্তটোত তেওঁ ঠিৰাং কৰিলে যে তেওঁ কোনো পৰিস্থিতিতে কাৰোবাৰ ঘৰত গৈ বনকৰা মহিলা হিচাপে কাম নকৰে৷
সংগীতাৰ ভাষাত ‘কিবা এটা বেলেগ’ কৰিব৷ কথা মতেই কাম৷ প্ৰথম অৱস্থাত তেওঁ কাপোৰ চিলাবলৈ আৰম্ভ কৰিলে, ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰিলে আৰু পাছত কাপোৰৰ লগতে আচাৰো বনাই বেচিলে৷ উপাৰ্জন লাহে লাহে বাঢ়িল৷ পৰিয়ালৰ খৰচ ওলাই থাকিল৷
কিন্তু কিবা এটা বেলেগ কৰাৰ হেঁপাহ তেওঁৰ তেতিয়াও পূৰ হোৱা নাছিল৷ তেতিয়াই সংগীতাই ‘পিংক অটো’ সেৱাৰ কথা শুনিবলৈ পালে৷ এই সেৱাত মহিলা চালকে গোলাপী সাজ পিন্ধি মূলতঃ মহিলাৰ বাবে অটো চলায়৷ তেওঁ ইয়াৰ প্ৰতি আগ্ৰহী হ’ল আৰু বঙাইগাঁও চহৰত তেওঁৰ দৰে আন ৯ গৰাকী মহিলাৰ সৈতে আৰম্ভ কৰিলে পিংক অটো সেৱা৷
সংগীতাই জনোৱা মতে এই অটো সেৱাৰপৰা তেওঁ মাহিলী ৮-৯ হাজাৰ টকা উপাৰ্জন কৰে৷ তদুপৰি মহিলা হিচাপে এই বৃত্তিত কোনো অসুবিধা পোৱা নাই বুলি তেওঁ কয়৷ প্ৰচলিত ধাৰণাৰ বিপৰীতে মাহেকীয়া হোৱাৰ সময়তো ঘৰত বহি নাথাকি অটো চলাবলৈহে তেওঁ ভাল পায়৷
‘কেতিয়াবা অসুখ হ’লে বা ঋতুস্ৰাৱৰ দিনকেইটাত মই অটো বন্ধ নকৰো৷ যিমানলৈকে পাৰো কৰি যাওঁ৷ পৰিশ্ৰম কৰিবলৈ ভয় নকৰো বাবে ল’ৰা- ছোৱালীকেইটায়ো মোক লৈ গৌৰৱ কৰে৷ সিহঁতে সদায় মোৰ কামক সমৰ্থন কৰি আহিছে৷’
উল্লেখ্য, সংগীতাৰ তিনিওটি সন্তানে স্কুলীয়া শিক্ষা ইতিমধ্যে শেষ কৰিছে৷ তেওঁৰ ডাঙৰ পুত্ৰ এতিয়া গুৱাহাটীত কৰ্মৰত৷ এই দিশৰপৰা তেওঁক এগৰাকী সফল মাতৃও বুলিব লাগিব৷
সংগীতাৰ মতে, পুৰুষৰ সমানে খোজ দিবলৈ লোৱাৰপৰা তেওঁৰ আত্মবিশ্বাস যথেষ্ট বাঢ়িছে৷ পিছে আন মানুহে তেওঁলোকক কেনেদৰে চায় তাক লৈ তেওঁ কিছু সন্দেহ ব্যক্ত কৰে– ‘মোৰ বিশ্বাস আছে যে মোৰ সৈতে যাত্ৰী সকল পুৰুষ চালকৰ অটোত উঠাৰ সমানেই সুৰক্ষিত৷ মোৰ অটো চালনাতো সন্দেহ কৰিবলগীয়া নাই, কাৰণ মোৰ প্ৰশিক্ষণ আছে আৰু লাইছেন্সো আছে৷ কিন্তু এতিয়া যি ধৰণে ভাড়া পাই আছো তালৈ চালে কেতিয়াবা এনে লাগে আমাক যেন মানুহে পুৰুষ চালকৰ সমান বিশ্বাসত লোৱা নাই৷’
এই কথা সঁচা যে মহিলাৰ গাড়ী চালনাক এতিয়াও সন্দেহৰ চকুৰে চোৱা হয়৷ বিভিন্ন কাৰণত মহিলা এগৰাকীয়ে চালকৰ আসনত বহাৰ সুযোগ কমকৈ পায়৷ এটা পৰিয়ালৰ সাধাৰণতে এখনেই গাড়ী কিনাৰ সামৰ্থ্য থাকে আৰু সেই গাড়ীখন ঘৰৰ পুৰুষজনে চলায়৷ তদুপৰি নিজা উপাৰ্জন নথকাৰ বাবেও বহু মহিলাই মন থাকিলেও নিজাকৈ এখন বাহন কিনিব নোৱাৰে৷
এনেবোৰ কাৰণত ৰাজপথত মহিলা চালকৰ সংখ্যা কম৷ কিন্তু মহিলাসকল বেয়া চালক বুলি যি ধাৰণা আছে সেয়া ভিত্তিহীন৷ কাৰণ বিভিন্ন অধ্যয়নে বাৰে বাৰে কৈ আহিছে যে গাড়ী চালনাত পুৰুষতকৈ মহিলাসকৰ মনোযোগ বেছি৷ ইফালে ৰাজপথত পুৰুষ চালকে সংঘটিত কৰা দুৰ্ঘটনাৰ পৰিমানহে বেছি হোৱা দেখা যায় ৷ বিগত বৰ্ষত ‘দ্য ৱিক’ পত্ৰিকাৰ এক প্ৰতিবেদনত এই তথ্যসমূহ প্ৰমাণ সহকাৰে প্ৰকাশিত হৈছিল৷
অৱশ্যে সেয়া যিয়ে নহওক, সংগীতাৰ দৰে মহিলাসকলক এইবোৰ কথাই বিচলিত কৰিব পৰা নাই৷ পুৱা আঠ বজাত গোলাপী চুৰিদাৰ পিন্ধি তেওঁ যেতিয়া অটো ষ্টাৰ্ট দি ঘৰৰ পৰা ওলায়, তেতিয়া তেওঁক অতীতৰ কোনো দুৰ্বল স্মৃতিয়ে বাধা দিব নোৱাৰে৷ বৰং গোলাপী সাজ পিন্ধি সম্ভাৱনাময় সোণালী বাটেৰে তেওঁ আগবাঢ়ে, প্ৰতিদিনে অধিক দৃঢ়তাৰে৷
शेयर करें
  • 61
    Shares

LEAVE A REPLY

Please enter your comment!
Please enter your name here